Show/Hide Keyboard Layout

হাঁহিকে ভগাওঁ সমভাগেৰে

- ভূপেন হাজৰিকা

হাঁহিকে ভগাওঁ সমভাগেৰে

তিল্‌তিল্‌ বিষাদো লʼম ভাগেৰে

মিলিজুলি মধুৰতা লʼমে

শুভ দিন আদৰি লʼম প্ৰাণেৰে ।

 

যিয়েই পায় সুখী অকণি সুখ দিয়াঁহে

সৌ ধূসৰ হৈ বেচেৰা উভতি বিমুখী হৈছে

অকণি পোৱাহে অপবাদেৰে ।

 

পিয়াহত আতুৰ হৈ, ভোকতে কাতৰ হৈ

সৌৱা কান্দে কোনে বহি, যাতনা সহি লৈ

অশ্ৰুৰ সেই ধাৰকো লʼম প্ৰাণেৰে ।

Hits: 1588